Assamese (অসমীয়া) Dictionary

Showing 310 lexicographical entries

অংক গুণবাচক বিশেষ্য

১৷ ১-ৰ পৰা ৯-লৈ আৰু ০ ৰ মাজৰ যিকোনো এটা সংখ্যা২৷ অন্য সংখ্যা-প্ৰণালীৰ যিকোনো চিহ্ন

English: digit English: mathematics
অংগ জাতিবাচক বিশেষ্য

কোনো বস্তুৰ গঠন বা নিৰ্মাণত ব্যৱহাৰ হোৱা সৰু অংশ

English: part English: element English: component English: constituent
অংশ্যমান গুণবাচক বিশেষ্য

কোনো সম্পত্তি ভগাই দিয়া কাৰ্য্য; সাধাৰণতে পৈতৃক সম্পত্তি আদি ভগাই দিয়া বুজায় ।

English: partition
অইন সৰ্বনাম

বহুতৰ ভিতৰত এজন/এটা ৷

English: another English: other
অকপট প্ৰকৃত বিশেষণ

অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)

English: open English: frank English: candid English: ingenuous
ইলেক্ট্ৰিক প্ৰকৃত বিশেষণ

ব্যৱহাৰ, যোগান, উৎপাদন, অথবা বিজুলী শক্তিৰ দ্বাৰা চলা ৷

English: electric
অকুলীন সংজ্ঞাবাচক বিশেষ্য

কোনো পৃথক বীজ বা জীৱ-জন্তুৰ পৰা সৃষ্টি কৰা বীজ বা জীৱ-জন্তু

English: hybrid English: crossbred English: low caste
অক্ষুণ্ণ প্ৰকৃত বিশেষণ

যাক ধ্বংস কৰিব নোৱাৰি |

English: indestructible English: imperishable
অক্ষয় প্ৰকৃত বিশেষণ

ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰা

English: inexhaustible English: indestructible English: imperishable
অক্ষীয় প্ৰকৃত বিশেষণ

অক্ষৰ ওপৰত, অক্ষৰ চাৰিওফালে অথবা অক্ষৰ দিশত ৷

English: axial
অকাট্য প্ৰকৃত বিশেষণ

যাক যুক্তিৰে কাটিব নোবাৰি, খণ্ডন কৰিব নোৱৰা ৷

English: irrefutable
অকাতৰ প্ৰকৃত বিশেষণ

বিতত নোহোৱা, বিহ্বল নোহোৱা অৱস্থা ৷

English: unperturbed English: unflurried English: unflustered English: unruffled
অকাৰণ প্ৰকৃত বিশেষণ

কোনো কাৰণ বা ভিত্তি নথকা।

English: purposeless English: baseless
অকৰা প্ৰকৃত বিশেষণ

যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷

English: fool English: idiot English: dummy English: stupid
অখণ্ড প্ৰকৃত বিশেষণ

খণ্ড খণ্ড নকৰা অথবা একগোট হৈ থকা ৷

English: undivided English: undiminished
অগ্ন্যাশয় বস্তুবাচক বিশেষ্য

উত্সেচক বা পাচক দ্ৰৱ্য নিৰ্গত কৰা এক অঙ্গ

English: pancreas
অগ্নি বস্তুবাচক বিশেষ্য

কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷

English: fire English: blaze English: fire-god
অগ্নিনিৰ্বাপক বস্তুবাচক বিশেষ্য

জুই নুমাবলৈ ব্যৱহাৰ কৰা সজুলি|

English: extinguisher English: fire extinguisher English: asphyxiator
অগম্য প্ৰকৃত বিশেষণ

য’লৈ যাব নোৱাৰি অন্যথা অসাধাৰণ কষ্টৰ ফলত হে যাব পাৰি৷

English: unaccessible English: inaccessible
অগ্ৰগতি গুণবাচক বিশেষ্য

আগলৈ যোৱা কাৰ্য্য

English: advancement English: improvement
অগ্ৰসৰ গুণবাচক বিশেষ্য

আগলৈ যোৱা কাৰ্য্য

English: advancement English: improvement
অঘৰী জাতিবাচক বিশেষ্য

স্থায়ী বাসস্থান নথকা, কিন্তু সাধাৰণতে কোনো কোনো ঋতুত ইঠাইৰ পৰা সিঠাইলৈ এক সীমিত এলেকাৰ ভিতৰত ঘূৰি ফুৰা লোক; এনেয়ে ঘূৰি ফুৰা কোনো লোক

English: nomad English: gypsy English: peripatetic English: vagabond
অঙ্কিত প্ৰকৃত বিশেষণ

চকুত লগা এটা অথবা বহুতো চিনযুক্ত ৷

English: marked English: signified English: drawn English: painted
অঙ্গীকাৰ গুণবাচক বিশেষ্য

ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা

English: oath English: vow
অচিনাকি প্ৰকৃত বিশেষণ

কওঁতাজনৰ বাবে পৰিচয় নথকা

English: stranger English: unknown English: unacquinted English: unaware